সোণাৰি: আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নৱগঠিত চৰাইদেউ জিলাতো উদযাপন কৰা হয় “ৰাষ্ট্ৰীয় ডেংগু দিৱস”ৰ কাৰ্যসূচী। চৰাইদেউ জিলাৰ সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ সোণালী চেতিয়াৰ সভাপতিত্বত চিকিৎসালয় প্ৰাংগনত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।
মূলত ডেংগুৰ দৰে মাৰাত্মক ৰোগ কেনে দৰে প্ৰতিৰোধ কৰিব পাৰি আৰু আক্ৰান্ত হ’লে কি দৰে চৰকাৰী ব্যৱস্থাৰ মাজেৰে চিকিৎসা গ্ৰহণ কৰিব পাৰি আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উপস্থিত চিকিৎসক, চিকিৎসাকৰ্মী সকলে বক্তব্য আগবঢ়ায়। এই সজাগতা সভাত জেষ্ঠ চিকিৎসক ডাঃ ৰেহান শেখ,ডাঃ চন্দন বৰবৰা,(বাহক জনিত ৰোগৰ)জিলা পৰামৰ্শ বিষয়া ডেইজী কোৱঁৰ, চিকিৎসালয় খনৰ পৰিচাৰিকা, স্বাস্থ্য কৰ্মী, আশা কৰ্মী সকল উপস্থিত থাকে।
আনহাতে, চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ অধীনৰ পাটসাঁকো স্বাস্থ্য খণ্ডৰ অন্তৰ্গত কাকতিবাৰী আৰু টিমন স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰতো “ৰাষ্ট্ৰীয় ডেংগু দিৱস” পালন কৰা হয়। গাৱঁৰ ৰাইজক একত্ৰিত কৰি দুয়োটা কেন্দ্ৰত ডেংগু সংক্ৰান্তীয় সজাগতা সভা অনুস্থিত কৰা হয়।
দুয়োটা কেন্দ্ৰৰ সমূহীয়া স্বাস্থ্য বিষয়া ক্ৰমে মদন দত্ত, অৰূপ টেলীয়ে বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে, বিগত পাঁচ(৫) বছৰে চৰাইদেউ জিলাত ডেংগু ৰোগীৰ সংখ্যা শূণ্য যদিও স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতা সভা আদি সময়ে সময়ে অনুষ্ঠিত কৰা হৈছে আৰু বিভাগটোৱে সকলো ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে।