সোণাৰি : অসমীয়া জাতিৰ পিতৃপুৰুষ চাওলুং চুকাফাই ১২৫৩ খ্রীষ্টাব্দত চৰাইদেওত স্থায়ী ৰাজধানী পতাৰ সমান্তৰালকৈ চৰাইদেও পৰ্বতৰ শিখৰত তাই আহোমসকলৰ লগতে সমূহ থলগিৰি ৰাইজৰ সুবিধার্থে সমূহীয়া উপসনাস্থলী চৰাইদেওৰ দেওশালখন স্থাপন কৰিছিল।

ঐতিহাসিক গুৰুত্ব আৰু গৌৰৱ বহন কৰি অহা এই পবিত্র দেওশালখন দীৰ্ঘদিন ধৰি অৱহেলিত আৰু জৰাজীৰ্ণ অৱস্থাতে পৰি আছিল যদিও, চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা ২০১৮ চনৰ পৰাই ইয়াৰ শোভাবৰ্ধনৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

শেহতীয়াকৈ এই দেওশালখনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীৰো আগমণ ঘটা পৰিলক্ষিত হৈছে। আনহাতে আহোম তথা থলগিৰি অসমীয়া জাতিৰ আবেগ অনুভূতি বিজড়িত এই চে-ৰাই- ডয়ৰ দেওশালখনৰ উন্নয়ণ আৰু সংবৰ্দ্ধৰ্ণৰ লক্ষ্যৰে শুভাকাংক্ষী ৰাইজ তথা বিভিন্ন দল সংগঠনৰ সহযোগত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্চাসেৱী সংস্থাৰ দ্বাৰা এক দীর্ঘম্যাদী পৰিকল্পনৰে সোণালী সেউজ প্ৰকল্পৰ অধীনত চৰাইদেউৰ দেওশালৰ প্ৰাংগন তথা প্রবেশ পথত সোণাৰু, পলাশ, কাঞ্চন, কৃষ্ণচূড়া আৰু নাহৰকে ভিন্ন প্ৰজাতিৰ ঔষধি গুণ সম্পন্ন গছপুলি ৰোপনৰ ব্যৱস্থা কৰা হৈছিল।

কিন্তু অতি পৰিতাপৰ বিষয় যে, উক্ত স্থানত ৰোপন কৰা গছপুলিসমূহৰ ভিতৰৰ কিছুসংখ্যক গছপুলি কোনো লোকে কাটি নষ্ট কৰি পেলায় । যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে এই ঘটনাত। ইয়াৰ পৰিপ্ৰেক্ষিত এই বিষয়টো তদন্ত কৰি তথা ইয়াৰ সামাজিক গুৰুত্ব উপলব্ধি কৰি বনধ্বংসকাৰী ব্যক্তিসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্চাসেৱী সংস্থাটোৱে মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

মন কৰিবলগীয়া যে চৰাইদেউ পাহাৰৰ শিখৰত থকা এই দেওশালখনলৈ মাজে সময়ে স্থানীয় একাংশ উদণ্ড লোকৰ আগমন ঘটা পৰিলক্ষিত হয়। তেনে একাংশ লোকেই এনেদৰে গছপুলি সমূহ বিনষ্ট কৰাৰ আশংকা কৰা হৈছে।

লগতে পঢ়ক- পুনৰ ভেণ্টিলেশ্যনত ভৰ্তি সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply