ধ্বংসৰ গৰাহত চৰাইদেউ দেওশাল

সোণাৰী: আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউ। এই চৰাইদেউত আছে আহোম ৰাজত্ব কালৰ বহু কীৰ্তিচিহ্ন। কিন্তু অতি পৰিতাপৰ কথা যে উপযুক্ত সংৰক্ষণৰ অভাৱত সেইসমূহ এতিয়া ধ্বংসৰ গৰাহত।
ঐতিহাসিক সম্পদ আৰু স্থান বোৰ সংৰক্ষণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই আমাৰ চৰকাৰ সমূহৰ ।

স্বৰ্গদেউ চাওলুং চুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউ পাহাৰত ৰাজধানী স্থাপন কৰা সময়তে পাহাৰৰ শিখৰত এখন দেওশাল স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত দেওশালখন লাকুৱাৰ ৰঙাগড়ালৈ স্থানান্তৰিত কৰা হয় যদিও চৰাইদেউ দেওশালৰ অৱশিষ্ট ৰৈ যায়। আনহাতে ব্ৰিটিছৰ আমোলত চৰাইদেউ দেওশালৰ বহু সম্পদ আন ঠাইলৈ লৈ যোৱাত দেওশালখন পৰিত্যক্ত হৈ ৰয়। তেনে দৰেই দীৰ্ঘদিন ধৰি অৱহেলিত হৈ ৰোৱা চৰাইদেউ দেওশালৰ সংৰক্ষণৰ বাবেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কোনো এখন চৰকাৰে।

আৰু পঢ়কঃ হাটশিঙিমাৰী সপ্তাহিক বজাৰত চৰকাৰী নিৰ্দেশনাৰ বিপৰীত ছবি


চৰাইদেউ পাহাৰৰ শিখৰত থকা দেওশালখন সংৰক্ষণৰ বাবে চৰকাৰ তথা পুৰাতত্ব বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত শেহতীয়াকৈ স্থানীয় কেইগৰাকীমান সমাজ সচেতন ব্যক্তিয়ে দেওশালখন পৰিত্যক্ত অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ নিজাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অনুপ মহন, উদয় ৰাজকোঁৱৰৰ নেতৃত্বত স্থানীয় ব্যক্তিকেইগৰাকীয়ে দেওশালখন হাবি-জংঘলৰ পৰা মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।


প্ৰাকৃতিক পৰিৱেশত পাহাৰৰ শিখৰত থকা এই দেওশালখন সংৰক্ষণৰ লগতে সৌন্দৰ্য বৰ্ধন কৰি যদি পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে তেতিয়া হ’লে এই ঠাইলৈ পৰ্যটকৰ অগণন সোঁত হ’বলৈ আৰম্ভ কৰাটো নিশ্চিত। যাৰ ফলত স্থানীয় যুৱক-যুৱতীসকল উপকৃত হোৱাৰ লগতে পৰ্যটকসকলেও গৱেষণাৰ সমল বিচাৰি পাব ঐতিহাসিক সম্বলবোৰত।

আৰু পঢ়কঃ লামডিং ডিভিজনৰ আগৰতলাত ৰেল দুৰ্ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply