সোণাৰি: চৰাইদেউ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হয়। জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত উপায়ুক্ত গৰাকীয়ে আগন্তুক বাৰিষা সময়ত ল’বলগা যাৱতীয় ব্যৱস্থা সম্পৰ্কে পৰ্যালোচনা কৰে।
এই বৈঠকত উপায়ুক্তগৰাকীয়ে ভাষণত উল্লেখ কৰি কয় যে- ‘বাৰিষা সময়ত বা দুৰ্যোগৰ সময়ত নিজ নিজ বিভাগসমূহে নিজ নিজ দ্বায়িত্ব যাতে সূচাৰুৰূপে পালন কৰে সেইটো নিশ্চিত কৰা উচিত। লগতে চৰাইদেউ জিলাত নতুনকৈ এটা SDRF ৰ কাৰ্যালয় স্থাপন কৰিবলৈ ৰাজ্যিক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক অনুৰোধ জনায়।’

বৈঠকত উপায়ুক্ত পল বৰুৱাই জিলাখনত বানপানীৰ সময়ত স্কুল সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ যাতে পাঠদান বন্ধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদানৰ সুবিধাৰ্থে অস্থায়ী কেম্প অনুষ্ঠিত উক্ত কৰি কেম্পসমূহত সৌৰশক্তিৰ ব্যৱস্থা কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা বিভাগক অনুৰোধ জনায়।
আনহাতে, আজিৰ বৈঠকত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কাৰিকৰী বিষয়া নৱ ডেকাই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিভাগসমূহে ল’বলগীয়া বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰাৰ উপৰিও উক্ত সময়ত বিভাগ সমূহে ল’বলগীয়া যাৱতীয় ব্যৱস্থা সম্পৰ্কে বিতংভাৱে উল্লেখ কৰে।
বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, সোণাৰি, সাপেখাতী আৰু মাহমৰা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল, কাৰ্যবাহী দণ্ডাধীশ জাহ্নৱী গোস্বামী, স্কুল সমূহৰ পৰিদৰ্শক কমল গগৈও উপস্থিত আছিল। বৈঠকত আদৰণি ভাষণ আগবঢ়াই জিলা প্ৰকল্প বিষয়া বিজয়লক্ষ্মী গগৈয়ে।