সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰি আৰু মৰাণ পৌৰসভাত অহা ৬ মাৰ্চত অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন।
সোণাৰি পৌৰসভাৰ ১৬ টা ৱাৰ্ডৰ ১৭ টা ভোটকেন্দ্ৰত আৰু মৰাণ পৌৰসভাৰ ১১ টা ৱাৰ্ডত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ।
সোণাৰি পৌৰসভাৰ মুঠ ভোটাৰৰ সংখ্যা ২০,৩২৮ টা ভোটৰ ভিতৰত ১০,২৫৯ টা পুৰষ আৰু ১০,০৬৯ টা মহিলা ভোট।
আনহাতে মৰাণ পৌৰসভাৰ মুঠ ভোটাৰৰ সংখ্যা ৫৪২৯ টা। ইয়াৰে ২৭৫৫ টা পুৰুষ আৰু ২৬৭৪ টা মহিলা ভোটাৰ।
এই সন্দৰ্ভত সংবাদ মেল যোগে সবিশেষ তথ্য সদৰি কৰিলে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই।
আনহাতে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ চৰাইদেউ জিলা প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰা বুলিও জানিবলৈ দিছে।
লগতে পঢ়ক –উৰণীয়া সেঁতু নিৰ্মাণৰ নামত বন ধ্বংস কৰা কাৰ্যত প্ৰতিবাদ