সোণাৰিঃ মাৰাত্মক ব্যাধি কোভিড ১৯ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ তৎপৰ হৈ পৰিছে। কোভিডৰ সংক্ৰমনৰ বাবে যুদ্ধকালিন প্ৰস্তুতিৰে সমগ্ৰ দেশতে পূৰ্ণ গতিত চলিছে ভেকচিন প্ৰদানৰ কাৰ্যসূচী।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে “কোভিড ১৯”ক নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা লোৱাৰ লগতে সমগ্ৰ দেশতে বিনামূলীয়াকৈ সাৰ্বজনীনভাৱে প্ৰতিদিনে এক কোটিকৈ কোভিড ভেকচিন যাতে দেশৰ জনসাধাৰণে লাভ কৰে তাক নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে চৰাইদেউ জিলা কংগ্ৰেছে।
আৰু পঢ়কঃপৰিস্থিতি উন্নত হলে ১৫ জুনৰ পৰা আৰম্ভ হ’ব পাৰে UNLOCK প্ৰক্ৰিয়া
চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ এটা দলে চৰাইদেউ জিলাৰ নৱনিযুক্ত উপায়ুক্ত বিনীতা পেগুৰ যোগেদি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি পৱিত্ৰ শইকীয়াৰ নেতৃত্বত জিলা কংগ্ৰেছৰ দলটোত জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অনুজ বৰকটকী , প্ৰশাসনিক সাধাৰণ সম্পাদক উৎপল গগৈ আৰু বিগত বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হোৱা অধ্যাপক সুশীল কুমাৰ চুড়ীয়ে সংগ দিয়ে ৷
আনহাতে স্মাৰক পত্ৰ দিয়াৰ আগমুহুৰ্তত চৰাইদেউ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত বিনীতা পেগুক চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰপৰা এখন ফুলাম গামোছাৰে উষ্ম আদৰণি জনোৱা হয় ৷