সোণাৰি: চৰাইদেউ জিলাৰ চলিত মাহৰ জিলা উন্নয়ন সমিতিৰ বৈঠকখন আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিনীতা পেগুৰ পৌৰহিত্যত অনুষ্ঠিত হয়।
বৈঠকত জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়া সকলৰ উপস্থিতিত বিভাগ সমূহে জিলাখনত ৰূপায়ন কৰি থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে।
বৈঠকত জিলা উপায়ুক্ত গৰাকীয়ে সোণাৰিত নিৰ্মাণ কৰি থকা চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং হোম, আৰ্চাৰী একাডেমি, চাহ বাগিছাত স্কুল নিৰ্মাণ আৰু জিলা পৰিষদৰ কাৰ্যালয় নিৰ্মাণ সম্পৰ্কে লোকনিৰ্মাণ বিভাগৰ ( গৃহ) অভিযন্তা গৰাকীক নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰিবলৈ কোৱাত অভিযন্তা গৰাকীয়ে বহুখিনি কাম আগবাঢ়ি থকাৰ কথা বৈঠকত জানিবলৈ দিয়ে।
জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অভিযন্তা গৰাকীক জলজীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানী আঁচনিসমূহ আৰু অংগনবাড়ী কেন্দ্ৰ সমূহত বিশুদ্ধ খোৱাপানী আঁচনিৰ কাম অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ বৈঠকত উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।
এই বৈঠকতে যোগান বিভাগৰ সহকাৰী সঞ্চালক গৰাকীক আধাৰ কাৰ্ডৰ স্পেচিয়েল কেম্পৰ বাবে ঠাই নিৰ্ধাৰণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।
জিলা উপায়ুক্ত গৰাকীয়ে কৃষি বিভাগৰ বিষয়াক পাৱাৰ টিলাৰ, ট্ৰেক্টৰ, স্প্ৰে মেচিন, বীজ আদি অহা ১৫ আগষ্টৰ আগতেই হিতাধীকাৰী সকলৰ মাজত বিতৰণ কৰি আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ বৈঠকত নিৰ্দেশ দিয়ে।
জিলা পৰিবহন বিষয়াই বৈঠকত জিলাখনত পৰিবহন বিভাগে যোৱা ৪ মাহত বিভিন্ন যান-বাহনৰ পৰা এক কোটিৰো অধিক টকা মাছুল হিচাপে সংগ্ৰহ কৰাৰ তথ্য জানিবলৈ দিয়ে ।
সোণাৰি পৌৰসভা আৰু মৰাণহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াক নগৰ দুখনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহক তেখেতসকলৰ নিজ নিজ দোকান সমূহৰ সন্মূখত ডাষ্টবিন ৰাখিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহলৈ জাননী জাৰী কৰিবলৈ বৈঠকত উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।
আজিৰ বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী, নিৰ্বাচনী বিষয়া মিতালী লহকৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডা: নিজৰা দেৱীকে ধৰি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।
লগতে পঢ়ক মল্লযোদ্ধা ৰবি কুমাৰ দহিয়াই ৰূপৰ পদক অৰ্জন কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে