সোণাৰি: ৰাজ্যৰ শিক্ষা খণ্ডৰ বিকাশৰ কথা সততে কৈ থকা হয় যদিও চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষক-কৰ্মচাৰীৰ অভাৱৰ বাবেই এতিয়া ছাত্ৰ-ছাত্ৰী সকলে পাঠ গ্ৰহণত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টিত শিক্ষা খণ্ডৰ এনে দুৰৱস্থাৰ বাবে আজি মাহমৰা আঞ্চলিক ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ দাখিল কৰিছে চৰাইদেউ জিলা উপায়ুক্তক। স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি মাহমৰা আঞ্চলিক ছাত্র সন্থাৰ সাংগঠনিক এলেকাৰ মাহমৰা ৰাজহ চক্ৰৰ অধীনৰ গড় চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোতৰ জন শিক্ষক আৰু তিনি জন কৰ্মচাৰী, ডিপ্লীং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচজন শিক্ষক আৰু এজন কৰ্মচাৰী, দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজন কৰ্মচাৰী, মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত দুজন শিক্ষক আৰু এজন কৰ্মচাৰী, শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ত চাৰিজন শিক্ষক আৰু এজন কৰ্মচাৰী, মিলনপুৰ দেউঘৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত এজন শিক্ষক আৰু দুজন কৰ্মচাৰী, বালিজান উচ্চ মাধ্যমিক বিদ্যালয়ত চাৰিজন শিক্ষক আৰু এজন কৰ্মচাৰী, ডিপ্লীং তিনি আলি উচ্চ ইংৰাজী বিদ্যালয়ত পাঁচজন শিক্ষক আৰু আলহাজ জে আহমেদ সোঁৱৰণী বিদ্যালয়ত আঠজন শিক্ষক আৰু তিনি জন কৰ্মচাৰী ।

লগতে পঢ়ক-অসমৰ সীমাৰ ভিতৰত থাকিব নিবিচাৰে কামৰূপৰ আঠিয়াবাৰীৰ ৰাইজে

সোণাৰি সমষ্টিৰ সোণাৰি ৰাজহ চক্ৰৰ অধীনৰ ভজো উচ্চ মাধ্যমিক বিদ্যালয়ত দহ জন শিক্ষক আৰু চাৰিজন কৰ্মচাৰীৰ পদ খালী হৈ থকাত শিক্ষানুষ্ঠানসমূহে শ্ৰেণী পৰিচালনা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ফলত ছাত্ৰ-ছাত্ৰী সকল দীৰ্ঘদিন ধৰি পাঠ গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ লগতে শৈক্ষিক ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত মাহমৰা আঞ্চলিক ছাত্র সন্থাই এই শিক্ষানুষ্ঠান সমূহত খালী হৈ থকা শিক্ষক-কৰ্মচাৰীৰ পদত অতি শীঘ্ৰেই নিযুক্তিৰ দাবী জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি স্মাৰকপত্ৰত উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply