সোণাৰি: চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা কক্ষত উপায়ুক্ত পল বৰুৱা ৰ পৌৰোহিত্যত আজি চৰকাৰৰ অভিলাষী আঁচনি “কৃষকৰ পৰা ধান প্ৰতিকূইন্টলত ১৯৪০ টকাকৈ ক্ৰয় কৰাৰ”এখনি গুৰুত্বপূৰ্ণ বৈঠকত অনুস্থিত হয় ।
জিলা খনৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস,অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান,মহকুমাধিপতি (সদৰ)প্ৰাঞ্জল প্ৰতিম কোঁৱৰ, সহকাৰী আয়ুক্ত সকল,বি ডি অ সকল,যোগান বিভাগৰ সহকাৰী সঞ্চালক লাল চান্দ বৰি,পৰিদৰ্শক সকল,কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত বৈঠকত অনুস্থিত হয় ।
উপায়ুক্ত গৰাকীয়ে অহা ১৬ জানুৱাৰী তাৰিখে দিনৰ ১১ বজাৰ পৰা জিলা খনৰ প্ৰতিটো গাও-পঞ্চায়তত। ধান ক্ৰয় প্ৰণালীৰ সন্দৰ্ভত কৃষক সজাগ কৰাৰ উদেশ্য বিশেষ গাঁও-সভা অনুস্থিত কৰাৰ বাবে উপায়ুক্ত ই উপস্থিত থকা জিলা খনৰ বিষয়া-কৰ্মচাৰী সকলক নিৰ্দেশ দিয়ে।উক্ত গাও’-সভাত জিলা খনৰ কৃষি উন্নয়ন বিষয়া /লাটমন্ডল/গাঁও-বুঢ়া/গাঁও-পঞ্চায়তৰ সভাপতি/সম্পাদক সকলক বাধ্যতামূলক ভাৱে উপস্থিত থাকি কৃষক দিহা-পৰামৰ্শ আগবঢ়াব লৈ উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে।
অহা ৩০ জুনৰ ভিতৰত জিলা খনত ৫৫ হাজাৰ কুইন্টল ধান তিনিটা ক্ৰয় কেন্দ্ৰ ক্ৰমে এঙেৰাতিনিআলি,মৰান আৰু শিলাকুটিৰ জৰিয়তে কৃষকৰ পৰা ধান ক্ৰয় কৰিব বুলি বৈঠকত উপায়ুক্ত পল বৰুৱাই জানিবলৈ দিয়ে ।
লগতে পঢ়ক – কোৰোনাত আক্ৰান্ত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী