চৰাইদেউঃ চৰাইদেউত সোণাৰিত বনৰীয়া কাঠফুলা খাই অসুস্থ সাত জনকৈ লোক। সোণাৰিৰ দুই নং লালতিপথাৰ অঞ্চলৰ এই সাত গৰাকী লোক। এই বিষাক্ত বনৰীয়া কাঠফুলা খোৱাৰ পাছতে নিশালৈ অসুস্থ হৈ পৰে লোক কেইজন।

অসুস্থ হৈ পৰা লোক কেইজনক নিশাই ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও, স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ইতিমধ্যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

কাঠফুলা খাই অসুস্থ লোককেইজন ক্ৰমে অজয় কৰ্মকাৰ, ৰিমা কৰ্মকাৰ, চানক্য কৰ্মকাৰ, জোনাকী প্ৰজা, চম্পা কৰ্মকাৰ, সৰুমাই কৰ্মকাৰ আৰু ৰীতা কেওঁট।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,127 other subscribers

Leave a comment

Leave a Reply Cancel reply