সোণাৰিঃ বুকুত দুৰ্বাৰ হেঁপাহ লৈ বিশ্ব জয়ৰ সপোন এগৰাকী আইতাৰ। আইতা গৰাকীৰ ঘৰ চৰাইদেউ জিলাৰ বৰহাটহাবি গাঁৱত।

জীৱনৰ ৮৫ টা বসন্ত অতিক্ৰম কৰা পাছতো এতিয়াও সপ্ৰতিভ আইতা গৰাকী। এই আইতা গৰাকীৰ নাম ঘনপ্ৰভা গগৈ। তেওঁ এগৰাকী ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ প্ৰবীণ খেলুৱৈ।

পিছে অতি দুৰ্ভাৰ্গজনক কথা যে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰা এইগৰাকী প্ৰবীণ খেলুৱৈয়ে আজিলৈকে লাভ কৰা নাই চৰকাৰৰ কোনো ধৰণৰ সুবিধা। বিগত সময়ত চৰাইদেউ জিলা প্ৰশাসন, নাজিৰা মহকুমা প্ৰশাসনৰ লগতে বিভিন্ন জনৰপৰা সম্বৰ্ধনা প্ৰাপ্ত এইগৰাকী প্ৰবীণ খেলুৱৈয়ে বৃদ্ধ পেঞ্চনৰ টকা কেইটাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়কঃগোলাঘাটৰ কচুপথাৰ গাঁও পঞ্চায়তৰ অপসাৰিত সভানেত্ৰী বন্তি বৰা তামুলীক গ্ৰেপ্তাৰ

ইফালে মনত দুৰ্বাৰ হেঁপাহ থকা এইগৰাকী প্ৰবীণ খেলুৱৈয়ে আৰ্থিক অনাটনৰ বাবেই দেশৰ বাহিৰত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলগীয়া হোৱা বুলি মন্তব্য কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা এইগৰাকী প্ৰবীণ খেলুৱৈ ঘনপ্ৰভা গগৈৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি পৰিবনে ? তেখেতে লাভ কৰিবনে চৰকাৰৰ সা-সুবিধা। সেয়া লক্ষণীয় হ’ব অনাগত দিনত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,138 other subscribers

Leave a comment

Leave a Reply Cancel reply