বৰহাটঃ চৰাইদেউৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ১ নং চৰাইপুঙত বাঘৰ সন্ত্ৰাস। দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছে এই অঞ্চলটোত।
জিলাখনৰ সীমান্তৱৰ্তী চৰাইপুং অঞ্চলৰ মাঝি বস্তি, কৈলাশপুৰত আজি কেইবাদিন ধৰি কেইবাটাও নাহৰফুটুকীয়ে উপদ্ৰৱ চলাই থকাৰ লগতে বহু কেইটা গৰু, গাহৰি আৰু ছাগলী ভক্ষণ কৰা বুলি সাংবাদিকক জনাই গঞা ৰাইজে। দৰিদ্ৰ শ্ৰমিকৰ গৰু, ছাগলী ভক্ষণ কৰাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়াল কেইটা।
গধূলি হোৱাৰ লগে লগে ভয়-শংকাৰে সময় পাৰ কৰিছে অঞ্চলটোৰ ৰাইজে। বর্তমানেও বাঘৰ সন্ত্ৰাস অব্যাহত থকা গাওঁখনৰ ৰাইজে বন বিভাগক শীঘ্ৰেই বাঘ কেইটা পিঞ্জৰাবদ্ধ কৰাৰ বাবে আহ্বান জনায়।