চৰাইদেউঃ চৰাইদেউ জিলাৰ বৃহত্তৰ মাইবেলা বাসী ৰাইজৰ উদ্যোগত ১০ দিনীয়াকৈ বিহু নাচ, ঢোল বাদন আৰু এখন কৰ্মশালা আয়োজন কৰা হৈছে৷ অহা ২৬ মাৰ্চ পৰা মাইবেলাস্হিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ মডেল স্কুলৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই কৰ্মশালাখনি৷
নৱ প্ৰজন্মক বিহু সংস্কৃতিৰ প্রতি আকৃষ্ট কৰাৰ উদ্দেশ্য অনুষ্ঠিত কৰা এই কৰ্মশালাত অসমৰ জনপ্ৰিয় চৰাইদেউ বিহু হুঁচৰি দলে প্ৰশিক্ষণ প্ৰদান কৰিব৷ এই বিষয়ত সবিশেষ জানিবলৈ হ’লে ম’বাইল নম্বৰ ৯১০১৮৮০৬৯৪, ৭০৯৯৮৩৬৭৫৮ আৰু ৭০৮৬৩৫৬৫০০ যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিব দিছে।