সোণাৰিঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি চৰাইদেউতো উদযাপন কৰা হৈছে মে-ডাম-মে-ফি। এই অনুষ্ঠানত আহোমসকলে পূৰ্বপুৰুষক স্মৰণ কৰা লগতে বিশ্ব শান্তিৰ বাবে কামনা কৰে। এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগল কামনা কৰি জন-মিং অৰ্থাৎ আশীৰ্বাদ বিচৰা হয়।
সোণাৰি ৰাজহুৱা মে-ডাম-মে-ফি উদযাপন সমিতিয়েও চৰাইদেউ মৈদাম ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি উপৰিপুৰুষক স্মৰণ কৰে। ক’ভিড পৰিস্থিতিৰ বাবে চৰাইদেউতো অনুষ্টুপীয়াকৈ মে-ডাম-মে-ফি উদযাপন কৰা হয়। স্বৰ্গদেউ সকলৰ পৱিত্ৰ মৈদামস্থলীত বন্তি প্ৰজ্বলনেৰে ৰাজ্যবাসীৰ হৈ প্ৰাৰ্থনা জনালে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
লগতে পঢ়কঃপ্ৰকৃতিৰ সুৰক্ষা, ৰক্তদান সম্পৰ্কে সজাগতাৰ বাৰ্তা লৈ গোলাঘাটত উপস্থিত গৌৰী শংকৰ কলিতা
মে-ডাম-মে-ফিৰ অৰ্থ হ’ল মে মানে তৰ্পণ বা প্ৰাৰ্থনা, ডাম মানে পূৰ্বপুৰুষ বা মৃতক আৰু ফি মানে মৃতকৰ দেও । অৰ্থাৎ মৃতকৰ আশীৰ্বাদ বিচাৰি কৰা প্ৰাৰ্থনা। এই অনুষ্ঠানত আঠখন মেহেঙা অৰ্থাৎ শৰাই পাতি লেংডন দেৱতাকে ধৰি আঠজন ফীক উপাসনা কৰা হয়।
এই অনুষ্ঠান অসমত পোন প্ৰথমবাৰৰ বাবে তিপামৰ বুঢ়া ডাঙৰীয়া থানত আয়োজন কৰা বুলি জানিব পৰা যায়। স্বৰ্গদেউ চাওলুং চুকাফাই অসমলৈ অহাৰ পৰত ইৰাৱতী নৈ পাৰ হৈয়েই মে-ডাম-মে-ফি আয়োজন কৰিছিল।
নতুন ৰাজ্য এখন জয় কৰি সুশাসন প্ৰৱৰ্তন কৰিবলৈ পুৰ্বপুৰুষ, লেংডন তথা অন্যান্য দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপৰ বুঢ়ীদিহিং নৈৰ পাৰত মে-ডাম-মে-ফি পাতিছিল। পৰৱৰ্তী সময়ত চৰাইদেউত স্থায়ী ৰাজধানী স্থাপন কৰি ৰাজকীয় ভাৱে মে-ডাম-মে-ফি আয়োজন কৰাৰ কথা বুৰঞ্জীয়ে কয়।