বৰহাটঃ ৰাজ্যৰ বিভিন্ন ঠাইৰ পবিত্ৰ নামঘৰ আৰু মন্দিৰসমূহত সঘনাই সংঘটিত হৈ থকা চুৰি কাৰ্য সমূহৰ সন্দৰ্ভত চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰশমণি তালিৱাৰে থানা এলেকাৰ ভিতৰৰ সমূহ নামঘৰ মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়।

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবাসগৃহ আৱন্তনত দুৰ্নীতি

সভাত নামঘৰ মন্দিৰসমূহৰ নিৰাপত্তাজনিত কাৰণত চিচি টিভি সংযোগৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। লগতে নামঘৰ আৰু মন্দিৰ পৰিচালনা সমিতিসমূহৰ যিসমূহৰ বেংক একাউণ্ট নাই সেইসমূহৰ বেংক একাউণ্ট খোলাৰ ওপৰতো বিশদভাৱে আলোচনা কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply