সোণাৰি: অসম চৰকাৰে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ২ তাৰিখৰ পৰা ৰাজ্যখনত নতুনকৈ প্ৰবৰ্তন কৰা ” মিছন বসুন্ধৰা ” অভিলাষী আঁচনিৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ/ অনলাইন পৰ্টেলৰ যোগেদি মাটি-বাৰীৰ নিষ্পত্তি নোহোৱাকৈ পৰি থকা বিভিন্ন গোচৰ সমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ৰাজ্যখনৰ ভিতৰতে চৰাইদেউ জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱাত মুখ্যমন্ত্ৰীৰ মিছন বসুন্ধৰা শ্ৰেষ্ঠ বঁটা লাভ কৰে।
লগতে পঢ়কঃছাত্ৰ-ছাত্ৰীৰ বাবে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ৫ কোটি টকাৰ জলপানি
এই সফলতা লাভৰ পৰিপ্ৰেক্ষিতত আজি চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্য্যালয় সভাকক্ষত উপায়ুক্ত পল বৰুৱাই জিলা খনৰ সকলো মুৰব্বী বিষয়া-কৰ্মচাৰী উপস্থিতিত অতিৰিক্ত উপায়ুক্ত (ৰাজহ) জাবেদ আৰমান, মাহমৰা, সাপেখাটী আৰু সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে এই কৰ্মসূচীত জড়িত লাট মণ্ডলকে ধৰি অন্যান্য কৰ্মচাৰীসকলক জিলা প্ৰশাসনৰ হৈ অভিনন্দন জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে।