বেদখলকাৰীৰ কৱলত চৰাইদেউ

সোণাৰি : স্বৰ্গদেউ চাওলুং চুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউৰ পৰ্বতত স্থায়ী ৰাজধানী স্থাপন কৰাৰ সমান্তৰালকৈ পৰ্বতৰ শিখৰত সমূহীয়া উপাসনাস্থলী চৰাইদেউ দেওশাল স্থাপন কৰিছিল। আনহাতে স্বৰ্গদেউ গদাধৰ সিংহই দেওশালৰ কাষৰ পৰ্বতত আহোম সকলৰ লগতে থলগিৰি ৰাইজৰ সুবিধাৰ্থে লাংকুৰী দৌল নিৰ্মাণ কৰিছিল।

পৰৱৰ্তী সময়ত মোৱামৰীয়া বিদ্ৰোহৰ পাছত এই শালখন বিভিন্ন কাৰণত বৰ্তমানৰ আমলখি দেওশাললৈ স্থানান্তৰ কৰা হয় যদিও চৰাইদেউৰ এই মূল দেওশালখনত আজিও আহোমসকলৰ পৰম্পৰাগত বিভিন্ন ধৰ্মীয় পূজা-পাৰ্বন অনুষ্ঠিত হৈ আহিছে।

বেদখলকাৰীৰ কৱলত চৰাইদেউ

কিন্তু অতি পৰিতাপৰ কথা যে, দেওশাল আৰু লাংকুৰী দৌলৰ বৃহৎ এলেকা একাংশ লোকে বেদখল কৰি উক্ত স্থানত চাহ বাগিচা স্থাপন কৰি আহিছে। চৰাইদেউৰ দেওশাল তথা লাংকুৰী দৌল উন্নয়ন আৰু সংৰক্ষণৰ বাবে বিভিন্ন সময়ত দাবী জনায় অহাৰ পাছত স্থানীয় ৰাইজৰ উদ্যোগত এক দীৰ্ঘম্যাদী পৰিকল্পনাৰে কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছে।

আনহাতে স্থানীয় লেঙিবৰ গাঁও পঞ্চায়তৰ তত্বাৱধানত দেওশাললৈ যোৱা ঐতিহাসিক পথটি নিৰ্মাণৰ বাবে এনৰেগা আঁচনিৰে কিছু সম্পন্ন কৰা হৈছে। যাৰ ফলত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন টোৱে আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক স্মাৰকপত্ৰ প্ৰদান কৰি বেদখল মুক্ত কৰাৰ দাবী জনায়।

লগতে পঢ়ক নাঙলৰ মুঠিত ধৰি পথাৰত হাল বাইছে মাজুলীৰ এগৰাকী কিশোৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply