বৰহাটঃ সোণাৰিত নিষিদ্ধ ড্ৰাগছ তথা গাঞ্জা দাহ কৰিলে চৰাইদেউ আৰক্ষীয়ে। নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযানত চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ, গাঞ্জা তথা নিষিদ্ধ টেবলেট আদি দাহ কৰা হয়।
সোণাৰিৰ টাওকাক নদীৰ পাৰত ন্যায়ালয়ৰ অনুমতি সাপেক্ষে দাহ কৰা হয় নিষিদ্ধ দ্ৰব্য খিনি। চৰাইদেউ জিলা আৰক্ষী অধীক্ষক যুৱৰাজে জানিবলৈ দিয়া অনুসৰি আজি ৫০ কিলোগ্ৰাম গাঞ্জা, ৩১ গ্ৰাম হিৰোইন তথা ৬০ কিলোগ্ৰাম টেবলেট দাহ কৰা হয়।
মন কৰিবলগীয়া যে, বিগত বছৰটোত চৰাইদেউ জিলাৰ সদৰ সোণাৰি, অসম-নগালেণ্ড সীমান্তৰ নামতোলা, নিমনাগড়ৰ চিংফাং আদি অঞ্চলত চৰাইদেউ জিলা আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।