চৰাইদেউঃ অসমৰ বৃহৎ চাহ বণিক গোষ্ঠী এ পি জে টি গ্ৰুপ’ৰ কলকাতাস্থিত মালিকানাধীন চৰাইদেউ জিলাৰ মথুৰাপুৰ চাহ বাগিচাত কৰ্মৰত চাহ কৰ্মচাৰী সকলক মালিকপক্ষই অনিয়মত দৰমহা, বকেয়া ধনকে ধৰি বিভিন্ন প্ৰাপ্য আদায় নিদিয়া কেন্দ্ৰ কৰি ধাৰাবাহিক ভাৱে শ্ৰমিক- কৰ্মচাৰী সকলে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ সোমবাৰে পুনৰ বাগিচাখন কৰ্মৰত চাহ কৰ্মচাৰী সকলে তেওঁলোকৰ প্ৰাপ্য আদায় দাবীত পুৱা ৭ বজাৰ পৰা আবেলি ৪ বজালৈকে বাগিচাখনৰ কাৰ্যালয় সম্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে বহুজাতিক চাহ কোম্পানীটোৱে চৰাইদেউ জিলাত বাগিচাখন কেইখন মালিক পক্ষই লোকচান হোৱাৰ দোহাই দি ইয়াৰ পৰা হাত সাৰিবলৈ ইতিমধ্যে কোম্পানীটোৱে গোপনে বিক্ৰী কৰাৰ যড়যন্ত্ৰ কৰিছে ৷ এক বিশেষ সূত্ৰে জানিব পৰা মতে চাহ কোম্পানীটোৰ অধীনস্থ চফ্ৰাই চাহ বাগিচাখন গোপনে বিক্ৰী কৰাৰ লগতে শেহতীয়াকৈ মথুৰাপুৰ চাহ বাগিচাখন বিক্ৰীৰ বাবে যোজা চলাইছে ৷ যাৰ পৰিপেক্ষিত বাগিচাত কৰ্মৰত শ্ৰমিক- কৰ্মচাৰীসকলে প্ৰাপ্য দৰমহা কে ধৰি অন্যান্য পাৰিতোষিক আদি মোকলাই দিয়াৰ ক্ষেত্ৰত মালিকপক্ষই গা এৰাই চলাত বাগিচাখনৰ চাহ কৰ্মচাৰী সকলৰ লগতে শ্ৰমিক সকল বিগত কিছুদিন ধৰি ক্ষুব্ধ হৈ পৰিছে ৷