চৰাইদেউঃ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত স্মৃতি তৰ্পণ (৪২ খন শৰাই উচৰ্গা) অনুষ্ঠানটি আৰম্ভ হৈছে৷ আহোম স্বৰ্গদেউ সকলৰ গৌৰৱজ্বল ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ পাতনি মেলা স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি ঊনচল্লিশজন স্বৰ্গদেউ আৰু তেওঁ লোকৰ আৰাধ্য দেৱতাৰ পূণ্যআত্মা প্ৰতি শ্ৰদ্ধা জনোৱা উদ্দেশ্য অনুষ্ঠিত হৈছে ৭০ সংখ্যক স্মৃতি তৰ্পণ অনুষ্ঠানটি।
প্ৰতিবছৰে চ’ত মাহৰ কৃষ্ণা চতুৰ্থী তিথিত স্বদেশ আৰু স্ব-জাতিৰ উন্নতি কামনা কৰি ৪২ খন শৰাই আগবঢ়াই আশীষ বিচাৰি পৰম্পৰাভাৱে পালন কৰি অহা স্মৃতি তৰ্পণ অনুষ্ঠান ভাগি এইবছৰ ৭০ সংখ্যক বৰ্ষৰ ভৰি দিছে৷ এই উপলক্ষে পুৱা ঐতিহাসিক চৰাইদেউ মৈদাম থলীত স্থানীয় মহিলা সকলে হাতে হাতে ঝাডু়লৈ এক চাফাই কাৰ্যসূচীও ৰূপায়ণ কৰে ৷
ইয়াৰ পাছতেই ঐতিহাসিক লাংকুৰি দেওশালৰ প্ৰাংগনত ডামচাও ৰমা ৰাজকোঁৱৰ পৰিয়ালবৰ্গই ভকত বৈষ্ণৱৰ উপস্থিতিত আহোমসকলৰ আৰাধ্য দেৱতা চোমদেউলৈ ভোগৰ শৰাই অৰ্পণ কৰে৷ সন্ধিয়া স্বৰ্গদেউ সকলৰ স্মৃতিত মৈদামত বন্তি প্ৰজ্বলন, আৰু নিশালৈ নাম-কীৰ্ত্তন আৰু দিহানাম পৰিবেশিত হ’ব।
ইফালে, দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, বান্ ফি পূজা, ৪২ খন শৰাই অৰ্পণৰ লগতে মুকলি সভা অনুষ্ঠিত হ’ব। সভাখনি উদ্বোধন কৰিব চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। নগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° বলিন কোঁৱৰ, অৱসৰপ্ৰাপ্ত উপায়ুক্ত সোণাৰাম খনিকৰ, আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু আটাছুৰ প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈয়ে সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব।