চৰাইদেউঃ কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদাম প্ৰাংগণত স্বৰ্গদেউ সকলৰ সোঁৱৰণত উদযাপন কৰি অহা স্মৃতি তৰ্পণ (৪২ খন শৰাই উচৰ্গা) অনুষ্ঠানটি উদযাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ১৯৫৩ চনৰ পৰা উদযাপন কৰি অহা এই স্মৃতি তৰ্পণ উৎসৱত ডাম আৰু ফী সকলৰ পৰা জাতিৰ উন্নতি কামনা কৰি ৪২ খন শৰাই আগবঢ়াই আশীষ বিচৰা হয়।

এইবছৰ ৭০ সংখ্যক বৰ্ষৰ তৰ্পণ উৎসৱৰ প্ৰথম দিনা পুৱা লাংকুৰি দেওশালত চোমদেউলৈ পায়স অৰ্পণ, বন্তি প্ৰজ্বলন, নাম কীৰ্ত্তন আৰু দিহানাম পৰিবেশিত হ’ব। দ্বিতীয় দিনা পুৱা পতাকা উত্তোলন, বান্ ফি পূজা, ৪২ খন শৰাই অৰ্পণ, ছাত্র ছাত্ৰীৰ মাজত চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

দিনৰ ১২ বজাত উদযাপন সমিতিৰ সভাপতি ৰোহিনী মহনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব। সভাখনি উদ্বোধন কৰিব চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। নগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° বলিন কোঁৱৰ, অৱসৰপ্ৰাপ্ত উপায়ুক্ত সোণাৰাম খনিকৰ, আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু আটাছুৰ প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈয়ে সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply