সোণাৰিঃ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনলৈ অসমৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ সোঁত ব’বলৈ আৰম্ভ কৰা সময়তে পোহৰলৈ আহিছে সংগঠনটোৰ ভিতৰচ’ৰাৰ শেহতীয়া এক গুৰুত্বপূৰ্ণ তথ্য। চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে এই কথা। তথ্য অনুসৰি, সম্প্ৰতি তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে আলফা স্বাধীন। যাৰ ফলত উজনি অসমৰ বিভিন্ন প্ৰান্তত ধন সংগ্ৰহ কৰিবলৈ উঠিপৰি লাগিছে সংগঠনটোৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা দল।

এই সন্দৰ্ভত জানিবলৈ দি চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, ”উত্তৰ-পূবৰ নগা উগ্ৰপন্থী সংগঠনৰ লগত শেহতীয়াকৈ যোৱা ১৫ আৰু ১৬ মে’ৰ ভিতৰত নাগালেণ্ডৰ এক গোপন স্থানত আলোচনাত বহিছিল আলফা স্বাধীনৰ শীৰ্ষ পৰ্যায়ৰ এটা প্ৰতিনিধি দল। আলোচনাৰ সিদ্ধান্ত মৰ্মে আলফা স্বাধীনে নিজৰ যাৱতীয় খৰচৰ বাবে আৰ্থিক অনাটনত ভোগাৰ পৰিপ্ৰেক্ষিতত ধন সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।”

লগতে পঢ়কঃটীয়কৰ পংকজ বিলাস কলাক্ষেত্ৰত কৰ্কট ৰোগৰ ওপৰত সজাগতা সভা

নগা উগ্ৰপন্থী সংগঠনক শেহতীয়াকৈ বিগত ছয় মাহত আলফা স্বাধীনে কোটিৰোধিক টকা পৰিশোধ কৰিবলৈ বাকী থকাৰ কথাও ইতিমধ্যে পোহৰলৈ আহিছে। আনহাতে আন এক তথ্য অনুসৰি উজনি অসমৰ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় তথা তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত ধন সংগ্ৰহ কৰিবলৈ একাংশ বচা বচা লোক তথা ব্যৱসায়িক প্ৰতিষ্ঠানক টাৰ্গেট কৰি লৈছে আলফা স্বাধীনৰ এটা দলে।

ইফালে ধন সংগ্ৰহৰ বাবে আলফা স্বাধীনৰ দুধৰ্ষ সদস্য কেইগৰাকীমানে নগালেণ্ডৰ মন জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী গোপন স্থানত বাহৰ পতা বুলিও সন্দেহ কৰা হৈছে। মন কৰিবলগীয়া যে, চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলেদি যাতে সন্দেহজনক কোনো লোকে বিচৰণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ আৰক্ষী প্ৰশাসনে ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰিছে সন্ধিয়া পাঁচ বজাৰ পৰা ৰাতিপুৱা পাঁচ বজালৈ। ইফালে ধন সংগ্ৰহৰ বাবে যাতে উগ্ৰপন্থী সংগঠনে চৰাইদেউ জিলাত কোনো ধৰণৰ অপহৰণ তথা কুটাঘাট সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ উঠিছে চৰাইদেউ আৰক্ষী প্ৰশাসন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply