সোণাৰি: প্ৰায় ১ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা চৰাইদেউ জিলাৰ নাহৰহাবি চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু হিংৰিজান চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শক্তি, সাংস্কৃতিক পৰিক্ৰমা, পৰ্যটন, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী তথা চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই।

উদ্বোধনী ভাষণত অভিভাৱক মন্ত্ৰী গৰাকীয়ে কয় যে- ”ৰাজ্যখনৰ চাহ বাগিছাসমূহত বসবাস কৰা লোক তথা পিছপৰা লোকসকলৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে আৰু লগতে তেওঁলোকৰ সন্তানসকলক উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা ১১৯ খন চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত ৯৬খন বিদ্যালয়ৰ নির্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিছে।”

মন্ত্ৰী বৰাই কয় যে- আজিৰে পৰা তিনিদিনৰ ভিতৰত এই ৯৬ খন চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভাৰম্ভ কৰা হ’ব। তেওঁ কয় যে, চৰাইদেউ জিলাৰ ৪ খন চাহ-বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় হৈছে ক্ৰমে- নাহৰহাবি, হিংৰিজান, টাউকাক আৰু বৰহাট চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়। মন্ত্ৰী গৰাকীয়ে নিজ ভাষণত চাহ বাগিছা বিদ্যালয় সমুহত অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলক ছাত্ৰ-ছাত্ৰী সকলক নিয়মিতভাৱে বিদ্যালয়লৈ পঠাবলৈ বিশেষভাৱে আহ্বান জনায়।

তেওঁ কয় যে, ৰাজ্য চৰকাৰে চাহ বাগিছাৰ ল’ৰা-ছোৱালীয়ে যাতে উন্নত মানদণ্ডৰ শিক্ষা লাভ কৰি ভৱিষ্যতে সুনাগৰিক আৰু একোগৰাকী সুদক্ষ বিষয়া হৈ ৰাজ্যখনলৈ সেৱা আগবঢ়াব পাৰে তাৰ বাবে বিভিন্ন উন্নয়নকামী কার্যসূচী গ্ৰহণ কৰি আহিছে। ৰাজ্যখনৰ চাহ বাগিছাসমুহৰ কোনো শ্ৰমিক যাতে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি নাথাকে তাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ দৃষ্টি ৰাখি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন, খনি আৰু খনিজ সম্পদ বিভাগৰ মন্ত্ৰী যোগেন মহনে ছাত্ৰ-ছাত্ৰীসকল “মানৱ সম্পদ” বুলি উল্লেখ কৰি এই সম্পদৰ বিকাশ আৰু ভৱিষ্যতৰ সুনাগৰিক ৰূপে গঢ়ি তুলি দেশ আৰু জাতিটোক সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি কয়।

চাহ বাগিছাত বাস কৰা লোকসকলৰ ল’ৰা-ছোৱালীয়ে আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণৰ ফলত ঘৰৰ কাষতে বিদ্যা লাভৰ সুন্দৰ সুযোগ লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ নতুন শিক্ষা নীতিৰ বিষয়েও বিতংভাৱে অৱগত কৰে।

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে নিজ বক্তব্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা সুবিধাসমূহ গ্ৰহণ কৰি শিক্ষাৰ জেউতিৰে আলোকিত হৈ ভৱিষ্যত গঢ়াৰ বাবে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়। চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই আগবঢ়োৱা আদৰণি ভাষণত আদর্শ বিদ্যালয় দুয়োখনৰ সু-পৰিচালনা সুনিশ্চিত কৰাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজক উদ্যোগী আৰু সচেতন ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ বিদ্যালয় দুখন নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱাৰ বাবে দুয়োখন বাগিছাৰ সাধাৰণ প্ৰবন্ধক আৰু লোকনিৰ্মান (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তাক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়েও বক্তব্য প্ৰদান কৰে। অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানৰ লগতে ভালেসংখ্যক বিশিষ্ট অতিথি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply