সোণাৰিঃ ৰাজ্যৰ অন্য জিলাৰ লগতে চৰাইদেউ নিৰ্বাচনী জিলাতো ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া,২০২২ আৰম্ভ কৰা হৈছে।

এই সন্দৰ্ভত চৰাইদেউ জিলাৰ জিলা নিৰ্বাচনী বিষয়াই জনোৱামতে ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ অধীনত ১ নৱেম্বৰত ১০৫ নং মাহমৰা আৰু ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

এই তালিকা চৰাইদেউ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, সংশ্লিষ্ট ভোটগ্ৰ্হণ কেন্দ্ৰ সমূহ তথা নিৰ্বাচনী পঞ্জীয়ক বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হ’ব।

লগতে পঢ়ক- চৰাইদেউ জিলা ভাৰোত্তোলন সন্থাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সাফল্য

উল্লেখযোগ্য যে, ১ নবেম্বৰ, ২০২১ ৰপৰা ৩০ নবেম্বৰ, ২০২১ লৈকে দাবী আপত্তি সমূহ গ্ৰহণ কৰা হ’ব।

২০ ডিচেম্বৰ, ২০২১ ৰ ভিতৰত দাবী আৰু ওজৰ আপত্তি নিষ্পত্তিৰ সময় ধাৰ্য কৰা হৈছে আৰু অহা ৫ জানুৱাৰী, ২০২২ তাৰিখে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply