বৰহাট: চৰাইদেউ জিলাৰ চৰাইপুংৰ কিশোৰী অপহৰণ কাণ্ডৰ মূল ‘মাষ্টাৰ মাইণ্ড’ কুখ্যাত অপহৰণকাৰী জাহেৰুল ইচলাম নামৰ কালপ্ৰীটটোক কৰায়ত্ত্ব কৰা ঘটনাৰ বাবে গোৰ্খা ছাত্ৰ সন্থা, চৰাইপুং আঞ্চলিক সমিতিয়ে চৰাইপুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে, চৰাইপুং অঞ্চলৰ এগৰাকী অপহৃতা কিশোৰীক কুখ্যাত অপহৰণকাৰী জাহেৰুল ইচলামৰ কবলৰ পৰা উদ্ধাৰ কৰি অনাৰ বাবে আৰু অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড জাহেৰুল ইচলাম নামৰ কালপ্ৰীটটোক বঙাইগাওঁ জিলাৰ অভয়াপুৰী আৰু অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকা চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষীৰ যুটীয়া অভিযানত খেদি খেদি কৰায়ত্ব কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply