সোণাৰি : চৰাইদেউ জিলাৰ অন্তৰ্গত বিভিন্ন ৰাষ্ট্ৰীয়কৃত আৰু ব্যক্তিগত খণ্ডৰ বেংক বিষয়াসকলৰ সৈতে বৃহস্পতিবাৰে জিলা উপায়ুক্ত বিনীতা পেগুৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, জিলা পশু পালন আৰু পশু চিকিৎসা বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, মীন বিভাগ আদিকে ধৰি জিলাখনৰ বিভিন্ন বিভাগীয় মুৰব্বীসকলে এই আলোচনাত ভাগ লয়।
আনহাতে, চৰাইদেউ জিলাৰ এল ডি এম প্ৰবীণ সোণোৱাল, নাবাৰ্ডৰ ডি ডি এম এল মহন্ত আদিকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয়কৃত আৰু ব্যক্তিগত খণ্ডৰ বেংক সমূহৰ জেষ্ঠ্য বিষয়াসকলে এই আলোচনাত তেওঁলোকৰ মূল বিষয়সমূহ জিলা উপায়ুক্তক অৱগত কৰে। উল্লেখযোগ্য যে আলোচনাত কৃষি, মীন, দুগ্ধ পালন, পশুপালন আদিৰ দৰে অগ্ৰাধিকাৰ ক্ষেত্ৰ সমূহক ঋণ প্ৰদান আৰু ঋণ ঘূৰাই দিয়া সন্দৰ্ভত সজাগতা সৃষ্টি, কৃষক ঋণপত্ৰ, জিলাখনৰ বিভিন্ন বেংকৰ শাখাসমূহৰ লগত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ ঋণ প্ৰদান কৰা আৰু ঘূৰাই দিয়া সন্দৰ্ভত সংযোগ আৰু যোগাযোগ স্থাপন আদিৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহে আলোচনাত মূখ্য স্থান লাভ কৰে।
লগতে পঢ়ক : অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিজ্ঞান পৰিষদ নিযুক্তি
সভাত উপায়ুক্ত বিনীতা পেগুৱে নাবাৰ্ড চৰাইদেউ জিলাৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা এনুৱেল ক্ৰেডিট প্লেন (২০২১-২২) শীৰ্ষক এক তথ্য সম্বলিত গ্ৰন্থ উন্মোচন কৰে।