চৰাইদেউ দেওশাল পৰ্যটকৰ বাবে মুকলি

আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউত চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা চৰাইদেউ দেওশাল দীৰ্ঘদিন ধৰি পৰিত্যক্ত হৈ থকাৰ পাছত আজি পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পৰ্যটকৰ বাবে মুকলি কৰা হয় চৰাইদেউ দেওশাল। টাই আহোম ধৰ্মীয় পৰম্পৰাৰে দেওশালখন আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

স্বৰ্গদেউ চাওলুং চুকাফাই পাটকাই পাৰ হৈ আহি বিভিন্ন ঠাইত ৰাজধানী স্থাপন কৰিছিল যদিও শেহত ১২৫৩ খ্ৰীষ্টাব্দত চৰাইদেউৰ পৰ্বতত স্থায়ী ৰাজধানী স্থাপন কৰাৰ সমান্তৰালকৈ পৰ্বতৰ শিখৰত সমূহীয়া উপাসনাস্থলী চৰাইদেউ দেওশাল স্থাপন কৰিছিল।

চৰাইদেউ দেওশাল পৰ্যটকৰ বাবে মুকলি

পৰৱৰ্তী সময়ত মোৱামৰীয়া বিদ্ৰোহৰ পাছত এই শালখন বিভিন্ন কাৰণত বৰ্তমানৰ আমলখি দেওশাললৈ স্থানান্তৰ কৰা হয় যদিও চৰাইদেউৰ এই মূল দেওশালখনত আজিও আহোমসকলৰ পৰম্পৰাগত বিভিন্ন ধৰ্মীয় পূজা-পাৰ্বন অনুষ্ঠিত হৈ আহিছে।

অৱশ্যে চৰাইদেউ পৰ্বতৰ শিখৰত থিয় হৈ থকা দেওশালৰ তিনিটা শিলাস্তম্ভ এতিয়াও স্মৃতি বহন কৰিছে চৰাইদেউ দেওশালৰ। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নথকা বাবে অৱহেলিত, অনাদৃত, অসংৰক্ষিত তথা এলাগী হৈ পৰি ৰৈছে চৰাইদেউত আহোম ৰাজত্বকালৰ ঐতিহ্য ।

এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই এই দেওশালখন পুনৰ্জীৱিত কৰি তুলিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি এই দেওশালখন পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

লগতে পঢ়ক ১৯ বছৰে বিনাবেতনে শিক্ষাদান কৰা শিক্ষকে এতিয়া দিন হাজিৰাৰে সংসাৰ চলাবলগীয়া হৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply