জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰৰ ধাৰিকাটিত জীয়াভৰলী নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে এটি দহ বছৰীয়াশিশুক ।
মৃত শিশুটি ধাৰিকাটি পালেং গাঁৱৰ নিবাসী বীৰেন টাইডৰ পুত্ৰ সঞ্জু টাইড।
শিশুটো ধাৰিকাটী মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠমানৰ ছাত্ৰ আছিল ৷
আৰু পঢ়কঃকামপুৰত কপিলী নদীৰ ভয়ংকৰ খহনীয়া
নদীৰ পাৰত খেলি থকা অৱস্থাত নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় শিশুটিক।
চাৰিদুৱাৰ আৰক্ষীয়ে SDRF ৰ সহযোগত নিখোজ হোৱা শিশুটোক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই ৷