জামুগুৰিহাটঃ শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত অসম কটন মিলছস্থিত ৩০ নং চি আৰ পি এফ বেটেলিয়নৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক মেগা গছপুলি ৰোপণ কাৰ্যসূচী।

কেম্পটোৰ সমীপতে কেম্পটোৰ কামাণ্ডেন্ট দীনেশ সিং চণ্ডেলে শুভাৰম্ভ কৰা অনুষ্ঠানটিত কেম্পৰ বিষয়ববীয়া, সৈনিক, পৰিয়াল লোকসকলে ভালেমান মূল্যৱান গছপুলি ৰোপণ কৰে ।

উল্লেখ্য যে, ৩০ নং বেটেলিয়নৰ পৃষ্ঠপোষকতাত ইতিমধ্যে শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি আৰু গোলাঘাটক সামৰি সৰ্বমুঠ ১০১০০ জোপা মূল্যৱান গছপুলি ৰোপণ কৰা কাৰ্য সম্পন্ন কৰা হৈছে।

লগতে পঢ়কঃ চতিয়াৰ ইটাখোলাত ড্ৰাগছসহ যুৱক গ্ৰেপ্তাৰ

বেটেলিয়নটোৰ CO দিনেশ সিং চণ্ডেলে অনুষ্ঠানৰৰ শুভাৰম্ভ কৰি কয় যে , তেওঁলোকে বৰ্তমান গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাৰ অন্যতম পদক্ষেপ হিচাপে এনেদৰে গছপুলি ৰোপণ সেউজ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

গছ থাকিলেহে মানুহ পৃথিৱীত সুস্থিৰভাৱে জীয়াই থাকিব পাৰিব বুলি দোহাৰি সকলোকে এজোপাকৈ হলেও গছপুলি ৰোপন কৰি তাৰ প্ৰতিপাল কৰাৰ আহ্বান জনায় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply