তেজপুৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙেলীমাৰীত সংঘটিত হৈছে ভয়ঙ্কৰ কাণ্ড। ভুৱা চিকিৎসকে চলাই গৈছে অবৈধ চিকিৎসালয়।
দীৰ্ঘদিন ধৰি জীতেন্দ্ৰ বসুমতাৰী নামৰ লোকজনে এখন ফাৰ্মাচিৰ এটা কোঠাত দহখন বিচনাৰে চিকিৎসালয় স্থাপন কৰি ৰোগী চোৱাচিতা কৰি আহিছিল।
এই চিকিৎসকগৰাকীয়ে অঞ্চলটোৰ পিছপৰা গঞা ৰাইজক উক্ত চিকিৎসালয়ত ভৰ্তি কৰাই সকলো সৰু-বৰ বেমাৰৰ চিকিৎসা কৰি গৈছিল।
আৰু পঢ়কঃবাক্সা আৰক্ষী বৃহৎ সাফল্য : পিষ্টলসহ গ্ৰেপ্তাৰ কৰিলে ৫ জনকৈ ডকাইত
শনিবাৰে চাৰিদুৱাৰ আৰক্ষীয়ে চাৰিদুৱাৰ চক্ৰ বিষয়াৰ উপস্থিতিত অভিযান চলাই আটক কৰে জীতেন্দ্ৰ বসুমতাৰী নামৰ এই ভুৱা চিকিৎসক গৰাকীক। লগতে আৰক্ষীয়ে জব্দ কৰে অবৈধ চিকিৎসালয়খন।
এই ঘটনাৰ পিছতেই স্থানীয় বাসিন্দাৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।