ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাইড বান্ধ নিৰ্মাণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সমগ্ৰ অঞ্চলটোৰ ৰাস্তাপদূলী অহা যোৱাৰ বাবে অনুপযোগী হৈ পৰিছে। ইয়াৰ প্ৰতিবাদত ঠিকাদাৰী প্ৰতিষ্ঠান RSM কোম্পানীৰ বিৰুদ্ধে ৰাইজে আকৌ ওলাই আহিছে।


RSM কোম্পানীৰ শ শ ডাম্পাৰৰ নিতৌ চলাচলৰ বাবে ৰাজগড়, বেৰাজান, শিঙিতলী আদি গাঁৱৰ বাট-পথ সমূহ পুখুৰী সদৃশ হৈ পৰাৰ ফলত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মূখীন হৈছে।

এইক্ষেত্ৰত চাৰিদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগত বহুবাৰ আলোচনা কৰিছে যদিও সমস্যাক লৈ আজিও সু-ফল পোৱা নাই অঞ্চলবাসীয়ে। ৰঙাপাৰা বিধানসভা সমষ্টিৰ বিধায়কক এই বিষয়ে অবগত কৰাত অঞ্চলটোৰ ৰাইজে বিধায়কক ভোট কমকৈ দিয়াৰ বাবে অঞ্চলটোলৈ চকু নিদিয়ে বুলি ৰাইজক কোৱা বুলি জানিবলৈ দিয়ে।

যাৰ ফলত ৰাস্তা পদূলী ধ্বংস কৰি পেলোৱা ঠিকাদাৰী পাৰ্টিৰ মানুহে এতিয়া অঞ্চলবাসীক পুলিচ- প্ৰশাসনৰ ধমকি ভাবুকি দিয়ে বুলি অভিযোগ কৰিছে। যাৰ ফলত ৰাজগড়ত আকৌ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। অধিকাংশ সংখ্যালঘু লোকৰ জনবসতি বাবেই সমস্যা সমাধানত গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্তৰ পূব সংখ্যালঘু ছাত্ৰ সংগঠনৰ।

লগতে পঢ়ক- মৰাণ পৌৰসভাৰ বাবে কংগ্ৰেছ অজাপৰ বৃহৎ ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply