নগাঁৱত আজি এক বীভৎস ঘটনা পোহৰলৈ আহিছে। নগাঁৱৰ ৰহাত উদ্ধাৰ হয় জ্বলি এঙাৰ হোৱা এগৰাকী ১২ বছৰীয়া কিশোৰীৰ মৃতদেহ।

১২ বছৰীয়া কাৰ্বি সম্প্ৰদায়ৰ কিশোৰী গৰাকীক তেওঁৰ ঘৰৰ মালিকে হত্যা কৰি দিয়াৰ জ্বলাই অভিযোগ উঠিছে।

মিৰলংকি ৰংফাৰ নামৰ এগৰাকী ব্যক্তিয়ে বুধবাৰে টুইটাৰত দিয়া অগ্নিদগ্ধ মৃতদেহ সম্বলিত এটা টুইটত এগৰাকী ১২ বছৰীয়া কাৰ্বি সম্প্ৰদায়ৰ কিশোৰীক ঘৰৰ মালিকে জীৱন্তে জ্বলাই দিয়া বুলি অভিযোগ আনে।

কিশোৰীগৰাকীয়ে ঘৰৰ যাবলৈ বিচৰাৰ বাবে ঘৰৰ মালিকে তাইৰ শৰীৰত কেৰাচিন ঢালি জ্বলাই দিয়ে বুলি টুইটটোত তেওঁ কয়।

ঘটনা সম্পৰ্কত নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিট দিলীপে জনোৱা মতে বৃহস্পতিবাৰে আবেলি খাইগড় গাঁৱৰ এগৰাকী ব্যক্তিয়ে তেওঁৰ ঘৰত বনকৰা ছোৱালীজনীয়ে আত্মহত্যা কৰা বুলি ৰহা আৰক্ষী থানালৈ ফোন কৰি জনাইছিল।

পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সম্পূৰ্ণৰূপে জ্বলি যোৱা মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীৰ মতে পৰিয়ালটোৰ লোকসকলৰ আচৰণ সন্দেহজনক আছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰক্ষীক ফোন কৰা ৭০ বছৰীয়া ব্যক্তিজনৰ লগতে তেওঁৰ ২৫ বছৰীয়া পুত্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰাই চলাই আছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জনায়।

ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এই ঘটনা সন্দৰ্ভত এজন লোকে দিয়া এটা টুইটতৰ প্ৰত্যুত্তৰত কয়, ‘ঘৰৰ মালিকৰ মতে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছে। অৱশ্যে প্ৰাৰম্ভিক তদন্তত তাইক হত্যা কৰি জ্বলাই দিয়া হৈছে বুলি সন্দেহ কৰা হৈছে। তদুপৰি কিশোৰীগৰাকী বনকৰা বয়সৰ নহয়। সেয়ে দুজন অভিযুক্ত তাৎক্ষণিকভাৱে আৰক্ষীৰ জিম্মাত লোৱা হৈছে আৰু তদন্ত চলি আছে।‘    

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply