শিৱসাগৰঃ শিৱসাগৰত আৰক্ষীৰ জালত  পৰিল  কয়লাৰ চোৰাং ব্যৱসায়ৰে জড়িত দালাল চক্ৰ।

আৰক্ষীয়ে চাৰ্টাৰ্ড একাউন্টেন্ট সহ ৩জনক গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে কয়লাৰ চোৰাং বেহাৰ সৈতে জড়িত  দুগৰাকী পলাতক অৱস্থাত আছে ।

২০১৯চনৰ পৰা CA সন্দীপ শৰ্মাৰ সহযোগত GST ৰ ভুৱা বিল তৈয়াৰ কৰি আহিছিল দুষ্ট চক্ৰটোৱে।

গেলেকীৰ ফুলকাল আলী ( আজম) নামৰ এটা কয়লা চোৰাং ব্যৱসায়ীৰ হৈ এই দৰে ভুৱা জি এচ টি বিল প্ৰস্তত কৰি আহিছিল দুষ্টচক্ৰটোৱে।

লগতে পঢ়কঃমৰিগাঁৱৰ কপাহেৰাত ভুৱা জ্যোতিষী আটক

শিৱসাগৰৰ থানাপট্টিৰ ছফিকুল হুছেইন নামৰ এজন কুকুৰা ব্যৱসায়ীৰ নামত ভুৱা GST ফাইল খুলি চৰকাৰক লাখ লাখ টকাৰ  ৰাজহ ফাঁকি দিছিল বুলি অভিযোগ উঠিছিল চক্ৰটোৰ বিৰুদ্ধে।

ছফিকুল হুছেইনক আয়কৰ বিভাগে জেৰা কৰাত সমস্ত জালিয়াতিৰ ঘটনা পোহৰলৈ আহে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply