ছয়গাঁওঃ মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ৫১সংখ্য়াক বাৰ্ষিক অধিৱেশন আৰু বিশেষ অভিনন্দন অনুষ্ঠানৰ আজি সামৰণি পৰে। আজি দুপৰীয়া ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত মুকলি তথা বিশেষ অভিনন্দন সভা অনুষ্ঠিত হয়।

এই মুকলি সভাত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিদ্যালয়-মহাবিদ্যালয়সমূহৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষভাবে উত্তীৰ্ণ হৈ ছয়গাঁও অঞ্চললৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনায়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।

লগতে পঢ়কঃনগাঁৱৰ উৰিয়াগাঁৱত পথ দুর্ঘটনাত নিহত দুজন যুৱক

শংকৰজ্যোতি বৰুৱাই ভাষণত কয় যে শিক্ষা জীৱনৰ মূল পৰীক্ষা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা । কোভিডৰ সময়চোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক বৰ্ষ নষ্ট নোহোৱাকৈ বিশেষ ভাবে শিক্ষা ব্যৱস্থাটো আগবঢ়াই নিয়াৰ বাবে সম্পাদক গৰাকীয়ে চৰকাৰক ধন্যবাদ জনায়।

লগতে কয় যে এখন চৰকাৰে গুৰুত্ব দিব লগা ব্যৱস্থাটো হৈছে শিক্ষা । শিক্ষাৰ জৰিয়তেহে এখন দেশ উন্নত হয় । অধ্যয়ন অবিহনে সমাজৰ উত্তৰণৰ দিশে আগবাঢ়ি যাব নোৱাৰে বুলি সম্পাদক গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । এই অনুষ্ঠানত কৃতি ছাত্ৰ-ছাত্ৰীসকলক এখন গামোছা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।

ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাসে পৌৰাহিত্য কৰা সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া, সদৌ কামৰূপ জিলা সন্থাৰ বিষয়ববীয়া আৰু ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

আনহাতে এই অধিৱেশন আৰু সম্বৰ্ধনা অনুষ্ঠানত ছয়গাঁৱৰ প্ৰবীন খেলুৱৈ ৰুদ্ৰকুমাৰ চৌধুৰীৰ উপৰি ছয়গাঁও সমষ্টিৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা জ্যোতি কলিতা,নিকিতা মেধি,দিব্যজ্যোতি কলিতা আৰু ৰাকেশ চৰকাৰ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা চাহিদুল ইছলাম,মানসপ্ৰতীম দাস আৰু জুবাই হাচানৰ লগতে ৭৫ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,500 other subscribers

Leave a comment

Leave a Reply