ছয়গাঁওঃ নিশা ছয়গাঁও মহাবিদ্যালয়ৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা বৈদ্যুতিক খুঁটাত খুন্দিয়াই কাষত থকা দ’ খাৱৈত বাগৰি পৰে ৱাগনাৰ। এই দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। নিহত যুৱকজন ছয়গাঁৱৰ পুৰাণ কটহীৰ পৰাগ কলিতা বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাগ্ৰস্ত ৱাগনাৰখনৰ নম্বৰ এ এছ ০১ দি এন ৫৮৮৯ ৷
জানিবপৰামতে যুৱকজনে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ছয়গাঁৱৰ নিজ বাসগৃহ অভিমুখে আহি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়৷ দুৰ্ঘটনাৰ সময়ত বাহনখনত কেৱল পৰাগ কলিতা চালকৰ আসনত আছিল বুলি জানিব পৰা গৈছে৷