ছয়গাঁওঃ দুঃসাহসীক কাম কৰি ভালপোৱা দক্ষিণ কামৰূপৰ এগৰাকী মহিলা অঞ্জলি দাস। অঞ্জলিয়ে সৰুৰে পৰা মনতে পুহি ৰাখিছিল এটি সপোন। সেই সপোনৰ বাস্তৱ ৰূপ দিবলৈ যোৱা ১৩ আগষ্টত পলাশবাৰীৰ বৰিহাটৰ পৰা পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছিল সুদূৰ লাডাখলৈ।

ৰ’দ বতাহ বৰষুণকো নেওচি দুই মাহ ১৬দিনৰ অন্তত যোৱা ২৯ অক্টোবৰত উপস্থিত হৈছিল গৈ ভাৰতৰ সৰ্বোচ্চ স্থান খাৰডোংলাত। অঞ্জলিয়ে Mission fit India let’s make India fit এই বাক্য শাৰী মূলত দেশবাসীক গুৰুত্ব দিয়াবৰ বাবেই আৰম্ভ কৰিছিল এই যাত্ৰা।

লগতে পঢ়কঃডবকাত বিদ্যুৎ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

অঞ্জলি সম্ভৱত উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ প্ৰথম গৰাকী মহিলা যিয়ে ২৭৯৬ কিলোমিটাৰ খোজকাঢ়ি এক অভিলেখ গঢ়িবলৈ সক্ষম হয়। অৱশেষত মঙ্গলবাৰে পুৱাই অঞ্জলি দাস আহি উপস্থিত হয় স্ব-ভূমিত। বৰঝাৰ বিমান বন্দৰত আত্মীয় স্বজনৰ লগতে বিভিন্ন দল সংগঠনে আদৰণি জনায়।

এই পদ যাত্ৰাত বিভিন্ন সময়ত ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে যি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলে অঞ্জলিয়ে। অঞ্জলি দাসৰ এই সফলতাক বিভিন্নজনে আদৰণি জনাই শুভেচ্ছাৰে উপচাই পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply