ড্ৰাগছৰ ব্যৱসায়ী আটক
ড্ৰাগছৰ ব্যৱসায়ী আটক

ছয়গাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত আছে নিষিদ্ধ ড্ৰাগছৰ বেহা।

দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত এতিয়াও চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।

মঙলবাৰে নিশা ছয়গাঁও আৰু জোৰশিমলু আৰক্ষীয়ে অভিযান চলাই জোৰশিমলু পূৰাণকুছিয়াৰ পৰা আব্বাছ আলি নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তেওঁৰ পৰা এক লক্ষাধিক মূল্যৰ ৫৪ টা কণ্টেইনাৰো উদ্ধাৰ কৰে ৷

জানিবপৰামতে লোকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আছিল।

পিছে আৰক্ষীয়ে বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত লোকক আটক কৰিবলৈ সক্ষম হৈছে যদিও ড্ৰাগছ ব্যৱসায় ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply