ছয়গাওঁঃ ছয়গাঁও আৰক্ষীৰ অভিযানত জব্দ ১০ টাকৈ চোৰাং গৰু। আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত তিনিজন লোকক আটক কৰে ৷ ধৃতলোক কেইজন হ’ল ৰফিকুল মিঞা, মহিদুল ইছলাম আৰু দেৱৰাজ দাস ৷

জানিব পৰামতে নিশা বকো অঞ্চলৰ পৰা অসম মেঘালয় সীমান্তৱৰ্তী উকিয়ামলৈ গৰুকেইটা লৈ গৈ থকাৰ খবৰ ছয়গাঁও আৰক্ষীয়ে লাভ কৰে ৷

লগতে পঢ়কঃশিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালৰ কাৰ্যভাৰ গ্ৰহণ

ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এটি আৰক্ষীৰ দলে পুৱা প্ৰায় ৫ বজাত চোৰাং গৰু কঢ়িয়াই অনা এ এছ ০১ কে চি ১৮২৩ নম্বৰৰ চাৰিচকীয়া বাহনখন জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে চোৰাং গৰুৰ গাড়ীসহ তিনিজন লোকক আটক কৰি থানালৈ লৈ আহে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply