ছয়গাঁওঃ অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আছে ছয়গাঁও আৰক্ষীৰ। বুধবাৰে পুৱতিনিশা ছয়গাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত চৌধুৰীপামৰ এটা ডেম্পৰ পৰা ম’বাইল টাৱাৰৰ তিনিটা চুৰি বেটাৰী জব্দ কৰাৰ লগতে ২৫ কেজি এল টি বৈদ্যুতিক তাঁৰ জব্দ কৰে।
লগতে আৰক্ষীয়ে ডেম্পটোৰ গৰাকী তথা ইব্ৰাহীম আলীৰ পুত্ৰ নুৰ ইছলামক গ্ৰেপ্তাৰ কৰে ৷ জানিবপৰামতে, চৌধুৰীপামৰ উক্ত ডেম্পটোত পুৰণি ভঙা চিঙা লোহা মজুত কৰাৰ লগতে চুৰি কৰা বৈদ্যুতিক তাঁৰ, মবাইল টাৱাৰৰ বেটাৰীৰ লগতে আন চোৰাং সামগ্ৰীও মজুত কৰে।
লগতে পঢ়কঃএকেখন বিদ্যালয়তে চৰকাৰী অনুমোদন সাপেক্ষে নিযুক্তি দিলে দুজনকৈ প্ৰধান শিক্ষকক
বুধবাৰে নিশা এনে ব্যৱহৃত চোৰাং সামগ্ৰী ডেম্পটোলৈ আহিব বুলি ছয়গাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰে। এই খবৰ পোৱাৰ পিছতেই ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা অভিযানত উক্ত মূল্যৱান চোৰাং সামগ্ৰীখিনি জব্দ কৰাৰ লগতে নুৰ ইছলাম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে।
অভিযোগমতে দীৰ্ঘদিন ধৰি উক্ত লোকজনে বিভিন্ন কামত ব্যৱহৃত হৈ থকা চোৰাং সামগ্ৰী ক্ৰয় কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।