ছয়গাঁওঃ দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত মাজগুমিৰ গাঁওবুঢ়া আজিত আলীক আটক। ছয়গাঁও আৰক্ষীয়ে মঙলবাৰে নিশা আটক কৰে গাঁওবুঢ়াজনক। উল্লেখ্য যে ভূ-মাফিয়াৰূপী এই গাঁওবুঢ়াগৰাকী দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল।

অভিযুক্ত গাঁওবুঢ়াক বিচাৰি ছয়গাঁও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছিল। অৱশেষত মঙলবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান চলাই গাঁওবুঢ়াক আটক কৰে ।

লগতে পঢ়কঃছয়গাঁৱৰ শাৰদীয় দুৰ্গাপূজাৰ ব্যতিক্ৰমী কাৰ্যসূচী

গাঁওবুঢ়াৰ পৰা ভূমি সম্পৰ্কীয় বহুতো নথি পত্ৰও জব্দ কৰিছে। সম্প্ৰতি ছয়গাঁও আৰক্ষী থানাত গাঁওবুঢ়াজনক জেৰা অব্যাহত ৰাখিছে যদিও তদন্তৰ বাবে আৰক্ষীয়ে বিশেষ তথ্য দিয়া নাই।

আনহাতে, এই ভূ-মাফিয়া গাঁওবুঢ়া আজিত আলিক আটক কৰাৰ কথা জানিব পাৰি বহু ভুক্তভোগীয়ে সন্তোষ প্ৰকাশ কৰে। চৰকাৰী গাঁওবুঢ়াৰ দৰে সন্মানীয় পদবীক হাথিয়াৰ হিচাপে লৈ ভূ মাফিয়াৰ ৰূপ লৈ অগাধ সম্পত্তিৰ গৰাকী হৈ অৱশেষত ৰঙাঘৰৰ আলহী হ’ল আজিত আলি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply