ছয়গাঁওঃ চোৰাং গৰু চুৰি চক্ৰৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান। দেওবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ছয়গাঁৱৰ ভেৰভেৰীত চোৰাং গৰু কঢ়িওৱা দুখন বাহন, ৫ টা চোৰাং গৰুসহ ৪ জন লোকক আটক কৰে।

ছয়গাঁৱৰ পৰা বহিঃৰাজ্য মেঘালয়লৈ চোৰাং গৰু কেইটা লৈ গৈ আছিল । এই খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু সৰবৰাহ কৰা লোকসহ গৰুকেইটা জব্দ কৰে।

লগতে পঢ়কঃবিশ্বনাথত আফগান নাগৰিকক গ্ৰেপ্তাৰ

আটক কৰা লোককেইজন হল নতুন সাপৰটাৰীৰ উজ্জ্বল দাস, উত্তৰ বাংকাকাটাৰ নজমুল হক, আজাৰা থানাৰ অন্তৰ্গত উমচেৰৰ ৰুবনেশ্বৰ ৰাভা আৰু দীপাংকৰ ৰাভা। আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ হল এ এছ ০১ এফ চি ৮৫১৭ আৰু এ এছ ২৫ চি চি ০৬৪৩।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply