ছয়গাঁও -ছয়গাঁও আৰক্ষীৰ সফল অভিযান ৷ ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীয়ে আজি অভিযান চলাই দুজন নাৰী সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় । আটকধীন লোক দুজন হ’ল গৰৈমাৰীৰ টুক্ৰাপাৰাৰ ৰবিউল আলী আৰু চাম্পুপাৰাৰ হাচমত আলী । জানিব পৰা মতে কিছুদিন পূৰ্বে গৰৈমাৰীৰ পৰা এটি শিশু, ৩ জনী কিশোৰীক নাৰী সৰবৰাহকাৰী চক্ৰটোৱে ৰাজস্থানত বিক্ৰী কৰিছিল ।

কিছুদিন পূৰ্বে এই তিনিজনী কিশোৰীক ছয়গাঁও আৰু গৰৈমাৰী আৰক্ষীয়ে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । কিশোৰী তিনি গৰাকীক নাৰীসৰবৰাহী চক্ৰটোৱে কেইবালাখ টকা মূল্যত বিক্ৰী কৰিছিল ৷ এই সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত ৩৫/২০০০ ,৩৬/২০০০ আৰু ৯৪/২০০০ নম্বৰত গোচৰ ৰুজু হৈ আছিল।

এক গোপন খবৰৰ ভিত্তিত আজি সন্ধিয়া অভিযান চলাই ছয়গাঁও আৰু বামুণীগাঁৱত এই ঘটনাৰ সৈতে জড়িত লোক দুজনক আটক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,269 other subscribers

Leave a comment

Leave a Reply