ছয়গাওঁঃ পলাশবাৰীৰ ৰামপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন কাৰ্যালয়ত দুৰ্নীতি। ১০শতাংশ কমিছন নিদিলে নচলে কাৰ্যালয়টোৰ কামকাজ। যাৰ বাবে পলাশবাৰী বিধানসভা সমষ্টিৰ ৰামপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নগেন দাস অঞ্চলটোত কমিছন ছাৰ ৰূপে পৰিচয় লাভ কৰিছে। ১০ শতাংশ আগতীয়াকৈ ধন নাপালে হেনো কাম-কাজ কৰাত বাধা আৰোপ কৰে বিডিঅ’ গৰাকীয়ে। পৰিণতিত স্তব্ধ হৈ পৰিছে কেইবাখনো গাওঁপঞ্চায়ৰ কাম-কাজ। সেয়ে এতিয়া অসহায় হৈ পৰিছে পঞ্চায়তটোৰ প্ৰতিনিধি সকল।

লগতে পঢ়কঃবিশাল মেগামাৰ্টৰ নিৰাপত্তাৰক্ষীৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰাক্তন আছু নেতাঃবিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ

কাৰোলৈ ভূক্ষেপ নকৰি নিজৰে কাৰ্য্যালয়ৰ সোঁৱে-বাঁওৱে থকা একাংশ কৰ্মীৰ জৰিয়তে ধন চপাই আছে নগেন দাসে। ইমানৰ পিছতো কাৰোলৈকে কেৰেপ নকৰা নগেন দাসৰ বিৰুদ্ধে বিধায়ক হেমাংগ ঠাকুৰীয়াই হস্তক্ষেপ নকৰাৰ আঁৰত অন্য কাৰণ আছে নেকি বুলিও সচেতন মহলত চৰ্চা চলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply