ছয়গাঁওঃ যোৱা পাঁচদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়তো পৰি থকা নেৰা নেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে মেঘালয়ৰ বৰাপানীত অৱস্থিত উমিয়াম হ্ৰদৰ জলস্তৰ। পানীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত মেঘালয় চৰকাৰে যিকোনো মূহুৰ্ততে উমিয়াম হ্ৰদৰ পানী এৰিবলৈ বাধ্য হ’ব। শনিবাৰে এই সন্দৰ্ভত এক জাননী যোগে জনাইছে মেঘালয় চৰকাৰে।

লগতে পঢ়কঃবঙাইগাঁও জিলাতো জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে

উমিয়াম হ্ৰদৰ পানী এৰি দিয়াৰ ফলত প্লাৱিত হ’ব পাৰে মেঘালয়ৰ দাঁতিকাষৰীয়া কামৰূপ, কামৰূপ গ্ৰাম্যৰ ছয়গাঁও,ৰামপুৰ, নহিৰা, জিয়াকুৰ, কুকুৰমাৰা, বকো আদি বিস্তৃৰ্ণ অঞ্চল। সেয়েহে অসমলৈ মেঘালয় চৰকাৰৰ বিশেষ সতৰ্ক বাণী জাৰি৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply