ছয়গাঁওঃ চৰকাৰৰ কঠোৰ শাসন ব্যৱস্থাৰ পিছতো ৰাজ্যৰ একাংশ ভূ-মাফিয়াই আৰক্ষী, বন বিভাগক কেৰেপ নকৰি চলাই গৈছে অবৈধ খনন কাৰ্য।
বৰঝাৰ বিমান বন্দৰৰ একেবাৰে গাতে লাগি থকা আজাৰা ৰাজহ চক্ৰৰ অধীনৰ পলাশবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত পূৱ-মাজিৰিগাঁৱৰ এই ভূমিত বন বিভাগৰ অজ্ঞাতেই স্থানীয় ভূ-মাফিয়াই জেচিবিৰে ২০ ৰ পৰা ৩০ ফুট দকৈ দিনে-ৰাতিয়ে চলাই আছে অবৈধ খননকাৰ্য। যাৰ ফলত বিমানবন্দৰলৈ আহিছে তীব্ৰ ভাবুকি।
লগতে পঢ়কঃবাট প্ৰশস্ত হ’ল অসমীয়া নাজানিলেও এপিএছচি’ত চাকৰি পোৱাৰ
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষী, বন বিভাগক কেৰেপ নকৰি এইসকল ভূ-মাফিয়াই জধে-মধে চলোৱা অবৈধ খনন কাৰ্যৰ ফলত সৃষ্টি হোৱা দ -গাঁতত পৰি ইতিমধ্যে বহু পশুধনৰ মৃত্যু হৈছে।
স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত পলাশবাৰী ৰেঞ্জাৰে জব্দ কৰিবলৈ বাধ্য হৈছে খননকাৰ্য চলোৱা জেচিবি।
মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নাম লৈ এইসকল ভূ-মাফিয়াই চলোৱা এই কাৰ্যক লৈ সম্প্ৰতি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।