ছয়গাঁওঃ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কালাতলী পথাৰত বৃহস্পতিবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চুপাৰি৷
আৰক্ষীয়ে চোৰাং চুপাৰীৰ ব্যৱসায়ৰ লগত জড়িত দুজন লোককো আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন লোক দুজন হ’ল কালাতলী পথাৰৰ মনিৰুল হক আৰু ধুমগাড়াৰ ইমান আলী।
লগতে পঢ়কঃনতুন শৰাইঘাট দলঙৰ ওপৰত গাড়ী ৰাখি নিৰুদ্দেশ যুৱক
ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগৱান ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীয়ে চোৰাং চুপাৰিৰ লগতে এখন বলেৰ’ গাড়ী জব্দ কৰিছে। আৰক্ষীয়ে জব্দ কৰা বলেৰ’ খনৰ নম্বৰ হ’ল এ এছ ০১ এম চি ৮৫৯০ ।