চোৰাং গৰুসহ বাহন জব্দঃ দুজনক আটক ছয়গাঁৱত

কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত আজি ১১ টাকৈ চোৰাং গৰুসহ গৰু কঢ়িওৱা বাহন জব্দ কৰে ৷ লগতে আটক কৰে দুজন লোক ৷ ঘটনাৰ বিৱৰণীত জানিবপৰামতে কুকুৰমাৰাৰ পৰা বৰটাৰীলৈ যোৱা পথটোৰে চোৰাং গৰু সৰবৰাহৰ তথ্য ছয়গাঁও আৰক্ষীয়ে লাভ কৰাৰ পিচত বিগত কেইবাদিনো ধৰি ছয়গাঁও আৰক্ষীয়ে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰাৰ বাবে গোপন অভিযান চলাই আছিল ৷


এই খবৰৰ ভিত্তিত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠক আৰু কুকুৰমাৰা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বলেন কলিতাই যৌথভাৱে চলোৱা অভিযানত এ এছ ২৫ চি চি ৮১৯৪ নম্বৰৰ বাহনখন বৰটাৰীত জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহনখনত ১১ টা গৰু কঢ়িয়াই আনিছিল ৷ লগতে বকোৰ মাহতলীৰ মোক্ৰম আলী আৰু গৰৈমাৰীৰ কান্দুলিমাৰীৰ দিলবৰ আলী নামৰ লোক দুজনকো আটক কৰে ৷ উক্ত বাহনখন দক্ষিণ কামৰূপৰ বিজয়নগৰৰ পৰা বকোৰ সোণতলীলৈ দিশে গৈ আছিল ৷ উক্ত বাহনখনে কুকুৰমাৰা হৈ বৰটাৰীৰে মথাউৰিত উঠি মথাউৰিৰে সোণতলীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷

উল্লেখ্য যে পূৰ্বে ছয়গাঁৱৰ গুমি পথেৰে চোৰাং গৰুৰ চালান হৈ আছিল ৷ কিন্ত উক্ত পথটোত আৰক্ষীৰ চোকা পহৰা থকাৰ বাবে চোৰাং গৰু বেপাৰী সকলে পথ সলাই নতুনকৈ কুকুৰমাৰা বৰটাৰী পথটো বাছি লৈছে ৷ ছয়গাঁও আৰক্ষীয়ে এই গোপন খবৰ লাভ কৰি অভিযান চলাই চোৰাং গৰু সহ গৰু কঢ়িওৱা বাহনৰ লগতে দুজন লোক আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক শিৱসাগৰত মৃত গৰুসহ মাৰুটি আৰ্টিগা এৰি চুৰৰ পলায়ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply