ছয়গাওঁঃ ছয়গাঁৱত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।
নিৰ্মাণ শ্ৰমিকৰ সুৰক্ষা আৰু কল্যাণ আইন ৰক্ষাৰ দাবীত নিৰ্মাণ শ্ৰমিকৰ সংগঠন ভাৰতৰ নিৰ্মাণ শ্ৰমিক ফেডাৰেচনে আহ্বান জনোৱা দেশজোৰা দুদিনীয়া নিৰ্মাণ শ্ৰমিক ধৰ্মঘটৰ অংশ হিচাপে ইউনিয়নৰ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
চি আই টি ইউৰ ধাৰাবাহিক আন্দোলনৰ ফলত অসম সহ সমগ্ৰ দেশতে চৰকাৰে নিৰ্মাণ শ্ৰমিক কল্যাণ আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ জৰিয়তে নিৰ্মাণ শ্ৰমিক সকলে কিছু পৰিমাণে হ’লেও আইনী সুবিধা পাবলৈ সক্ষম হয়। কিন্তু বিজেপি চৰকাৰে সংস্কাৰৰ নামত নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখনো লেবাৰ ক’ডলৈ ৰূপান্তৰ কৰি ধ্বংসৰ চক্ৰান্ত কৰিছে।
তদুপৰি তীব্ৰ মূল্যবৃদ্ধি, অমানৱীয় উচ্ছেদ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সম্পদ বিক্ৰী কৰি দেশধ্বংসী অভিযানত নামি পৰিছে। সেয়ে চৰকাৰৰ এনে ষড়যন্ত্ৰ ওফৰাই নিৰ্মাণ শ্ৰমিকৰ সুৰক্ষা তথা দেশ ৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী নিৰ্মাণ শ্ৰমিক আৰু শ্ৰমজীৱি ৰাইজক ঐক্যবদ্ধ কৰাৰ বাবে চি আই টিৰ নেতৃত্বত ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনত নিৰ্মাণ শ্ৰমিক মিলিত হৈছে।
শুকুৰবাৰে ছয়গাঁও বজাৰৰ মাজেৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে শ শ নিৰ্মাণ শ্ৰমিকে অংশগ্ৰহণ কৰা বিশাল প্ৰতিবাদী পদযাত্ৰাৰ সময়ত ”নিৰ্মাণ শ্ৰমিক কল্যাণ আইন ৰক্ষা কৰক”, ”নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ ধন নিয়মমতে খৰচ কৰক”, ”নিৰ্মাণ শ্ৰমিকৰ হিতলাভৰ পৰিমাণ বৃদ্ধি কৰক”, ”নিৰ্মাণ শ্ৰমিকৰ হিতলাভ সময়মতে আদায় দিয়ক”, ”ভূৱা নিৰ্মাণ শ্ৰমিক পঞ্জীয়ন বন্ধ কৰক”, ”নিৰ্মাণ সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰক”, ”দেশৰ নিৰ্মাণ খণ্ডকে ধৰি ৰাজহুৱা সম্পদ বিক্ৰী বন্ধ কৰক”, ”সংস্থাপন অবিহনে অমানৱীয় উচ্ছেদ বন্ধ কৰক” আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
লগতে পঢ়কঃটীয়কৰ উত্তৰ দুলীয়াত ক’ভিড ভেকচিন লৈ বৃদ্ধাৰ মৃত্যু!
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সম্পাদক হিতেশ দাসে প্ৰসঙ্গক্ৰমে শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ কাঢ়ি, শ্ৰমজীৱী মানুহক বৰ্বৰোচিত উচ্ছেদ কৰি হিমন্তবিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰখনে উৎপাদনমুখী জাতি গঢ়িবলৈ বিচৰা কাৰ্যক কঠোৰ সমালোচনা কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত ইউনিয়নৰ জিলা নেতা মজিদুৰ ৰহমান, অনিল দাস, কৰুণা ঠাকুৰীয়া, চন্দ্ৰধৰ ডেকা আৰু নজৰুল খণ্ডকাৰেও বক্তব্য ৰাখে ৷