ছয়গাঁও– ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। দক্ষিণ কামৰূপ জিলা বাহাল ৰখাৰ দাবীত জাতীয় সেনাৰ উদ্যোগত ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এই ধৰ্মঘট কাৰ্যসূচী। এই ধৰ্মঘট কাৰ্যসূচীত জাতীয় সেনাৰ লগতে জাতীয় মহিলা সেনাৰ দক্ষিণ কামৰূপ জিলা সমিতি, দক্ষিণ কামৰূপ জিলা দাবী সমিতি, কামৰূপ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, ছয়গাঁও নাগৰিক সমাজ, ছয়গাঁও স্থায়ী দোকানী সন্থা আৰু পুনৰ গঠন বল ভাৰতৰ (বি আৰ এফ) প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

জাতীয় সেনাই অলপতে জিলাখনৰ কামকাজ পুনৰ আৰম্ভ কৰাৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আজিৰ এই অৱস্থান ধৰ্মঘটৰ অন্তত দক্ষিণ কামৰূপ জিলা বাহাল ৰখাৰ দাবীত অৱস্থান ধৰ্মঘটত অংশ গ্ৰহণ কৰা সংগঠন সমূহৰ নেতৃবৃন্দই স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰে। আনহাতে, নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগতে বিদ্যালয় সমূহত বাৰ্ষিক পৰীক্ষা আৰম্ভ হোৱাৰ বাবে পূৰ্বে ঘোষিত ৩ মাৰ্চৰ দক্ষিণ কামৰূপ জিলা বন্ধ কাৰ্যসূচী বাতিল কৰে বুলি জাতীয় সেনাৰ সভাপতি নয়নমণি শালৈয়ে জানিব দিয়ে ।

উল্লেখ্য যে ২০১৬ চনৰ ২৫ জানুৱাৰীত সেই সময়ৰ মূখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰ খনে এক নিৰ্দেশযোগে দক্ষিণ কামৰূপ জিলা খন গঠন কৰিছিল । কিন্তু উক্ত বছৰতে অনুষ্ঠিত বিধান সভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ খনে শাসন ভাৰ লোৱাৰ পিছত ২০১৬ চনৰ ৭ অক্টোবৰত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত দক্ষিণ কামৰূপ জিলা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তেতিয়াৰে পৰা বিভিন্ন সংগঠনে জিলাখনৰ কামকাজ পুনৰ আৰম্ভ কৰাৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও যোৱা ৫ বছৰে সোণোৱাল চৰকাৰ খনে এই বিষয়ে কোনো কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰিলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply