ছয়গাঁওঃ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত দীঘলবিলত সংঘটিত জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনা গাপ দি ৰখাৰ অভিযোগত দীঘলবিলৰ গাঁওবুঢ়া অমৃত ৰাভাক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ছয়গাঁও আৰক্ষীয়ে শনিবাৰে পুৱাই গাঁওবুঢ়াজনক ঘৰৰ পৰাই আটক কৰে ৷ উল্লেখযোগ্য যে যোৱা ২৮ ছেপ্টেম্বৰত ছয়গাঁও সমষ্টিৰ তথা বকো আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী দীঘলবিলত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণকাণ্ড ৷

গাঁওখনৰে ভূপেন ৰাভা নামৰ এগৰাকী বিবাহিত যুৱকে গাঁওখনৰে প্ৰিয়ংকা ৰাভা নামৰ এগৰাকী মহিলাক মহিলা গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বক ধৰ্ষণ কৰে ৷

লগতে পঢ়কঃতিনিচুকীয়াৰ ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান

মহিলা গৰাকীৰ নিজৰ ঘৰত নিজৰ তিনিমহীয়া কেচুৱাটো লৈ থকাৰ সময়ত ভূপেন ৰাভা নামৰ বিবাহিত যুৱকজনে বলপূৰ্বক মহিলা গৰাকীক ধৰ্ষণ কৰাৰ সময়তে কোলাৰ কেচুৱাটো কোলাৰ পৰা মাটিত পৰি যোৱাৰ ফলত কেচুৱাটো বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ এই ঘটনা সংঘটিত কৰাৰ পিচত যুৱকজনে মহিলা গৰাকীক এই ঘটনাটো কাৰো আগত প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে।

আনহাতে আঘাতপ্ৰাপ্ত শিশুটিৰ এসপ্তাহ পিচত মৃত্যু হয়। মহিলা গৰাকীয়ে শিশুটিৰ মৃতদেহ মাটিত পুতি থয়। এই মৰ্মান্তিক ঘটনাটোৰ বিষয়ে ছয়গাঁও আৰক্ষীয়ে এক গোপন সুত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিচত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা ১১ অক্টোবৰত ছয়গাঁও ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱালৰ সহযোগত ছয়গাঁও আৰক্ষীয়ে ধৰ্ষণকাণ্ডত জড়িত ভূপেন ৰাভা নামৰ যুৱকজনক আটক কৰে। আনহাতে মৃত শিশুটি গাতৰ পৰা খান্দি উলিয়ায় ৷

এই সমগ্ৰ ঘটনাটো ১৩ দিনৰ পিচত পোহৰলৈ আহিছিল আৰু ছয়গাঁও আৰক্ষীয়ে ঘটনাটো পোহৰলৈ আনি দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল। আনহাতে এই জঘন্য ধৰ্ষণকাণ্ডটোৰ বিষয়ে গাঁওবুঢ়া গৰাকীয়েও গাপ দি ৰাখিবলৈ চেষ্টা কৰিছিল ।যাৰ ফলত আৰক্ষীয়ে শনিবাৰে ঘটনাটো গাপ দি ৰখাৰ অভিযোগত গাঁওবুঢ়াজনক গ্ৰেপ্তাৰ কৰে। ছয়গাঁও আৰক্ষীয়ে গাঁওবুঢ়াজনক আদালতলৈ প্ৰেৰণ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply